05/09/2023
আজি 5 ছেপ্টেম্বৰ তাৰিখে সদৌ বজালী জিলা আইন ছাত্ৰ সংগঠন আৰু এডুক্লাবৰ উদ্যোগত তথা বজালী আৰ্ট একাডেমীৰ সহযোগত পাঠশালা হাইস্কুল প্ৰাংগনত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি এখনি জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে শিক্ষক সম্বৰ্দ্ধনা সভাৰ আয়োজন কৰা হয়। উক্ত প্ৰতিযোগিতাখনিত আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভট্টদেৱ বিশ্ববিদ্যালয়, বজালীৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰদ্ধাৰ শৰৎ চন্দ্ৰ তালুকদাৰ চাৰদেৱে।উক্ত অনুষ্ঠানটিত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমি এই চেগতে আমাৰ অনুষ্ঠানটিৰ লগত সহযোগ কৰা বাবে বজালী আৰ্ট একাডেমীৰ সমূহ শিক্ষক বৃন্দ তথা বজালী কলেজৰ প্ৰাক্তন আলোচনী সম্পাদক বিভাংশু শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে এডুক্লাবৰ সঞ্চালক চম্পক কাকতি দাক অশেষ ধন্যবাদ জনাইছো।