02/06/2018
হঠাৎ আপুনি গ্ৰেপ্তাৰ হলে কি কৰিব ? কিছু আইন সংক্ৰান্ত পৰামৰ্শ , জানি থোৱা ভাল - - -
1. বিনা ৱাৰেন্ট অথবা 41crpc নোটিচ নিদি পুলিচ আপোনাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।
2. গ্ৰেপ্তাৰৰ সময়ত আপোনাক গ্ৰেপ্তাৰৰ কাৰণ, গ্ৰেপ্তাৰকাৰী অফিচাৰৰ নাম, গ্ৰেপ্তাৰৰ সময় তথা স্থান সম্পর্কিত এটা মেমো পুলিচ আপোনাক আথবা আপোনাৰ পৰিয়ালৰ সদস্যক দিবলৈ বাধ্য। এই বস্তুটো বিচাৰিব। কেচৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম ।
3. গ্ৰেপ্তাৰ কৰাৰ 24 ঘন্টাৰ ভিতৰত পুলিচ আপোনাক মেজিষ্ট্রেটৰ ওচৰত হাজিৰ কৰাবলৈ বাধ্য আৰু মেজিষ্ট্রেটৰ অনুমতি অবিহনে অতিৰিক্ত এদিনো আপোনাক আটক ৰাখিব নোৱাৰে । কোর্ট বন্ধ থাকিলে সেই ক্ষেত্ৰত মেজিষ্ট্ৰেটৰ ঘৰত আপোনাক হাজিৰ কৰাব লাগিব।
4. মহিলা পুলিচ অবিহনে কোনোপধ্যেই কোনো মহিলাক গ্ৰেপ্তাৰ বা তালাচী চলাব নোৱাৰে ।
5. আইন অনুযায়ী পুলিচ লক আপত আপোনাক কোনোধৰণৰ শাৰীৰিক অথবা মানসিক অত্যাচাৰ কৰিব নোৱাৰে । উল্লেখ যে, চৰ মাৰিবও নোৱাৰে ।
এতিয়া জানিলওক কেনেকৈ পুলিচ আপোনাক অসুবিধা দিব পাৰে আৰু এইক্ষেত্ৰত কৰিবলগীয়া -
1. সাধাৰণ ভাবে চৰকাৰবিৰোধী, শাসক দল বিৰোধী কোনো পোষ্টৰ বাবে পুলিচ কাৰোবাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে । কাৰণ বাক স্বাধীনতাৰ অধিকাৰ আমাৰ সংবিধানত স্বীকৃত। কিন্তু পুলিচ মামলা ৰুজু কৰে বেলেগ ধাৰাত। আপুনি পুলিচৰ আইনী চিকাৰ হব পাৰে যদি আপুনি আপোনাৰ ফেচবুক পোষ্টত-
ক) অশ্লীল কোনো শব্দ ব্যবহাৰ কৰে।
খ) ভিত্তিহীন গুৰুতৰ অভিযোগ কৰে।
গ) চৰিত্রহনন কৰে।
এই সমগ্ৰ বিষয়সমূহ সেয়ে এৰাই চলিব । স্বেচ্ছাই পুলিচৰ হাতত অস্ত্র তুলি নিদিব।
2. স্থানীয় ৰেপুটেড কোনো ক্ৰিমিনেল অধিবক্তা , স্থানীয় মানবাধিকাৰ আন্দোলনকর্মী তথা মিডিয়াৰ ফোন নম্বৰ লগত ৰাখিব ।
CPDR ৰ কেন্দ্রীয় অফিচ -
Committee for the Protection of Democratic Rights
Contact Address: Adv Suresh Rajeshwar,
4th Floor, Poddar Chambers,
S. A. Brelvi Marg, Fort,
Mumbai – 400 001
Fax: +9193224045911
Email:[email protected]
আৰু
NHRC / National Human Rights Commission-ৰ পূর্বভাৰতীয় শাখাৰ Special Rapporteur:
Shri Damodar Sarangi, IPS (Retd)
(M) 9777579400, 9040079404
[email protected]
[email protected]
Or
Head Office:
National Human Rights Commission, Manav Adhikar Bhawan Block-C, GPO Complex, INA, New Delhi – 110023
For Complaints : Tel.No. 24651330, 24663333. Fax No. 24651332
3. কোনো নিৰ্দোষ ব্যক্তি পুলিচৰ জেৰাৰ সম্মুখীন হলে তেওঁৰ সহায় কৰক ।
মনত ৰাখিব , আপুনি যদি বেলেগৰ কাষত থিয় নিদিয়ে তেন্তে আপোনাৰ বিপদত কোনেও আপোনাক সহায় নকৰে।