30/10/2023
' সন্ত্ৰাস '
( বোমা বিস্ফোৰণৰ প্ৰতিবাদত, শান্তিৰ কাম্যৰে )
পূবেৰে ডাঁৰ দিয়া বেলিটোৱে এতিয়া ভয় কৰে
ডাঁৰ নিদিয়ে থল- গ'ৰকি নোচোৱাকে,
বেলিকা পৰোঁ পৰোঁ দেখা মনত পৰে
তেজ খোৱাৰ ভয়ত ৰ'দ বতাহত উৰা ;
ৰ'দ,
লাও- কোমোৰাৰ চাং নেৰা ।
সভ্যতা পোহৰাই ক'লা ডাৱৰবোৰক বাগি দি
লাজত লুকাল সভ্যতাৰ অসভ্যতা দেখি,
৩০ অক্টোবৰ,
সূৰ্য নোলাল আজি ।
~ প্ৰিয়াংকুৰ শৰ্মা