10/07/2021
গ্ৰেপ্তাৰ ব্যক্তিৰ আইনী অধিকাৰ।
ভাৰতীয় সংবিধানে কিছুমান বিশেষ সাংবিধানিক অধিকাৰ ভাৰতীয় নাগৰিক প্ৰদান কৰিছে। তাৰে কিছুমান অধিকাৰ গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় আৰু এই অধিকাৰ বোৰৰ পৰা তেওঁ লোকক কোনেওঁ বঞ্চিত কৰিব নোৱাৰে। সাংবিধানক অধিকাৰৰ উপৰিও বিভিন্ন আইনৰ অধীনত এজন অভিযুক্ত ব্যক্তিক বহুটো অধিকাৰ প্ৰদান কৰা হৈছে। তেওঁৰ বিৰুদ্ধে লাগিলে যিমানে জঘন্য অপৰাধৰ অভিযোগ নাথাকক কিয়।
ভাৰতীয় বিচাৰ প্ৰক্ৰিয়া এক নীতিৰ আধাৰত ৰচিত হৈছে সেই নীতি অনুসৰি -
"১০০ জন দোষী শাস্তিৰ পৰা ৰেহাই হৈ গলেও কোনো কথা নাই, কিন্তু এজন নিৰ্দোষীৰ শাস্তি হব নেলাগে।" সেইহে ভাৰতীয় বিচাৰ প্ৰক্ৰিয়াত এজন অভিযুক্তত বিভিন্ন অধিকাৰ প্ৰদান কৰা হৈছে।
অভিযুক্ত ব্যক্তিৰ বিভিন্ন আইনী অধিকাৰ সমূহ হল-
(১) অভিযুক্ত ব্যক্তি বিৰুদ্ধে থকা অভিযোগ সমূহ জনাৰ অধিকাৰ* Criminal Procedure Code (CrPC), 1973, অধীনত অভিযুক্ত ব্যক্তি এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ আহিলে অভিযুক্ত জনৰ জনাৰ সম্পুৰ্ণ আধিকাৰ আছে যে তেওঁক কি অভিযোগত অভিযুক্ত কৰা হৈছে বা কিয় গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে যদি ৱাৰেন্ট আছে সেই ৱাৰেন্ট খন ব্যক্তি জনে চোৱাৰ সম্পুৰ্ণ অধিকাৰ থাকে। গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে Arrest Memo প্ৰস্তুত কৰিব লাগে আৰু অভিযুক্ত ব্যক্তি জনৰ পৰিয়ালৰ সদস্য নাইবা স্থানীয় ব্যক্তিৰ সাক্ষী লব লাগে। সাধাৰণতে কিন্তু এনে হোৱা দেখা নাযায় আৰক্ষীয়ে থানাত গৈ হে Arrested Memo প্ৰস্তুত কৰা দেখা যায় কিন্তু ই আইন মতে শুদ্ধ নহয়। এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ১২ ঘন্টাৰ ভিতৰত পৰিয়ালৰ লোকক খবৰ দিয়াটো আৰক্ষী কৰ্তব্য।
(২) সাস্থ্য পৰীক্ষাৰ অধিকাৰ*
Criminal Procedure Code (CrPC)1973, ধাৰা ৫৩ ত উল্লেখ আছে যে, এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে মেডিকেল তথা স্বাস্থ্যৰ পৰীক্ষাৰ কৰাটো আৰক্ষীৰ কৰ্ত্তব্য।
(৩) অন্যায় ভাবে হোৱা গ্ৰেপ্তাৰ বিৰুদ্ধে অধিকাৰ*
Criminal Procedure Code (CrPC)1973, ধাৰা ৫৭ আৰু ভাৰতীয় সংবিধানৰ ২২(২) অনুচ্ছেদ অনুসৰি আৰক্ষীয়ে কোনো অভিযুক্তক আটক কৰাৰ ২৪ ঘন্টাৰ ভিতৰত অভিযুক্ত ব্যক্তি জনক মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰিব লাগে।
(৪) দ্বৈত শাস্তিৰ (Double jeopardy) বিৰুদ্ধে অধিকাৰ*
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২০(২) অনুসৰি এজন ব্যক্তিক এটা অপৰাধৰ বাবে কেৱল এবাৰহে শাস্তি প্ৰদান কৰিব পাৰি। অৰ্থাৎ দ্বৈত শাস্তিৰ (Double jeopardy) ভাৰতীয় সংবিধানৰ অনুসৰি বেআইনী।
(৫) জামিনৰ অধিকাৰ*
এজন অভিযুক্ত ব্যক্তি তেতিয়াৰ লৈকে নিৰ্দোষী যেতিয়া লৈকে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ সমূহ প্ৰমাণিত হৈ নাযায়। সেয়েহে অভিযুক্ত ব্যক্তি এজনে জামিন পোৱাটো তেওঁৰ সাংবিধানিক অধিকাৰ। জামিন তিনি প্ৰকাৰৰ থাকে অগ্ৰীম জামিন, সাধাৰণ জামিন আৰু অন্তবৰ্তী জামিন। এজন অভিযুক্ত ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে তেওঁ জামিনৰ বাবে আবেদন কৰিব পাৰে এনে জামিন আবেদনক অগ্ৰীম জামিন আবেদন কোৱা হয়। বাকী দুই ধৰণৰ জামিন গ্ৰেপ্তাৰ হোৱাৰ পাছত প্ৰযোজ্য হয়।
(৬) অধিবক্তা নিয়োগৰ অধিকাৰ*
Criminal Procedure Code (CrPC), 1973, ধাৰা ৪১(D) অধিনত গ্ৰেপ্তাৰ হোৱা ব্যক্তি জনে আৰক্ষীয়ে সোধ পোছ কৰাৰ সময়ত তেওঁ নিজৰ পছন্দৰ অধিবক্তাক নিয়োগ কৰিব পাৰে আৰু তেওঁ পৰা পৰামৰ্শ লব পাৰে।
(৭) আইনী সাহাৰ্য্যৰ অধিকাৰ*
গ্ৰেপ্তাৰ হোৱা ব্যক্তি এজনে তেওঁৰ হৈ উকালতি বাবে নিজৰ পছন্দৰ অধিবক্তাক নিয়োগ কৰিব পাৰে যদি আৰ্থিক ভাৱে নিজৰ অধিবক্তা নিয়োগ কৰাৰ সামৰ্থ্য নহয় তেন্তে তেওঁ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 39A অধীনত আইনী সাহাৰ্য্য পাব।
(৮) মহিলা সকলৰ বাবে থকা বিশেষ অধিকাৰ*
Criminal Procedure Code (CrPC), 1973, অধীনত উল্লেখ কৰা হৈছে যে অভিযুক্ত গৰাকী যদি মহিলা হয় তেন্তে তেখেতক সূৰ্য্য অস্ত যোৱাৰ পৰা উদয় হোৱাৰ সময় খিনিত গ্ৰেপ্তাৰ কৰিব নোৱাৰে আৰু মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে।