22/08/2021
“আজি মিলনৰে দিন হাতে হাতে ৰাখি,
আশা আৰু বিশ্বাসৰ চেনেহৰে সাক্ষী।।"
ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়,ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন ৷যি বান্ধোনত বান্ধ খাই থাকে অকৃত্ৰিম প্ৰেম,আত্মীয়তা,একতা,শ্ৰদ্ধা,দায়িত্ববোধ আৰু ৰক্ষণশীলতা ৷প্ৰাচীন কালৰে পৰা আৰম্ভ কৰি বৰ্তমানলৈকে ৰক্ষা বন্ধন উৎসৱে সমাজত বিশেষ স্থান অধিকাৰ কৰি আহিছে ৷শাৱন মাহৰ পূৰ্ণিমা তিথিৰ দিনা এই উৎসৱ পালন কৰা হয় ৷লোকবিশ্বাস অনুসৰি বামন অৱতাৰত বলি ৰজাক স্নেহসূত্ৰত আৱদ্ধ কৰাৰ ঘটনাৰ পৰাই ৰক্ষা বন্ধনৰ উৎপত্তি হয় ৷যুদ্ধত জয়লাভ কৰাৰ হেতুকে শাৱনৰ পূৰ্ণিমা তিথিতে শচীদেৱীয়ে তেওঁৰ স্বামী ইন্দ্ৰৰ হাতত শক্তিৰ প্ৰতীক স্বৰূপ ৰক্ষাসূত্ৰ বান্ধিছিল ৷ ৰক্ষাসূত্ৰত শক্তিৰে ইন্দ্ৰই দানৱসকলক পৰাস্ত কৰি জয়ী হ’বলৈ সমৰ্থবান হৈছিল ৷স্বাধীনতা আন্দোলনৰ সময়ছোৱাত সমগ্ৰ দেশ বাসীৰ মনত একাত্মৰ ভাৱ ৰক্ষাৰ কৰাৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হৈছিল ৷
ৰক্ষা বন্ধন উৎসৱে একাত্মতাৰ মনোভাৱ জাগ্ৰত কৰি প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছে সমাজ তথা দেশবাসীক৷ সমাজ খন হৈছে বিভিন্ন জনগোষ্ঠীৰে নিৰ্মিত ৷ জনগোষ্ঠীৰ মাজত ঐক্যতা নাথাকিলে সমাজখন ঘূণীয়া হয়,গতিকে সমাজত ঐক্যতা অক্ষুণ্ণ ৰাখিবলৈ ৰাখী বন্ধনৰ প্ৰয়োজনীয়তা অপৰিসীম ৷আধুনিক যুগতো ভাই ভনীৰ পবিত্ৰ সম্পৰ্ক ৰক্ষাৰ চিহ্নৰূপে ৰক্ষাবন্ধন উৎসৱ পালন কৰা হয় ৷ভাতৃত্ববোধ দৃঢ় কৰি ৰাখিবলৈ এই উৎসৱে অতীজৰে পৰা দেশবাসীক প্ৰেৰিত কৰি আহিছে ৷তদুপৰি এই উৎসৱে মানুহৰ মনত ৰাষ্ট্ৰীয়তাভাৱ জগাই তুলি সমাজ একত্ৰিত কৰিবলৈ অৰিহণা যোগাইছে ৷সেয়ে ৰক্ষা বন্ধনৰ প্ৰাকক্ষণত আমি সকলোৱে শক্তিশালী,বৈভৱশালী,অখণ্ড সমৃদ্ধিশালী ভাৰত নিৰ্মাণ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা হওঁ আহক ৷সজীৱতাৰে পূৰ্ণতা প্ৰাপ্তিৰ হকে প্ৰেৰণা লাভ কৰিবলৈ ৰঙীন সূতাডালেই হৈছে প্ৰত্যেকজন ব্যক্তিৰ একো একোটা ৰক্ষা কবচ,যি কবচে প্ৰীতিৰ বান্ধোনেৰে আৱদ্ধ কৰিছে সমগ্ৰ জননীক ৷
সকলোলৈকে "ৰাখী-বন্ধন"ৰ আন্তৰিক শুভকামনা ও অভিনন্দন জ্ঞাপন কৰিলো।