25/06/2023
মধ্য প্ৰদেশ চৰকাৰে Madhya Pradesh Judicial Service (Recruitment and Conditions of Service) Rules, 1994 সংশোধন কৰিছে ৷ সংশোধনী অনুসৰি ন্যায়িক সেৱা (Civil Judge Entry Level) পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে নিম্নতম তিনি বছৰ ওকালতিৰ অভিজ্ঞতা থাকিব লাগিব নাইবা নিম্নতম ৭০ শতাংশ নম্বৰসহ আইনৰ স্নাতক হ'ব লাগিব ৷ নিম্নতম বয়স ২১ বছৰ আৰু উৰ্ধতম বয়স ৩৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে ৷ কিন্তু ২১ বছৰ বয়সত আইনৰ স্নাতক হোৱাৰ লগতে তিনি বছৰীয়া অভিজ্ঞতা অৰ্জন কৰিব পাৰি জানো? IAS হ'বলৈ ১২+৩ শৈক্ষিক অৰ্হতা লাগে আৰু এতিয়া মধ্য প্ৰদেশত Civil Judge হ'বলৈ LL.B.ৰ ক্ষেত্ৰত ১২+৩+৩+৩ লাগে আৰু B.A.,LL.B.ৰ ক্ষেত্ৰত ১২+৫+৩ শৈক্ষিক অৰ্হতা লাগিব ৷ গতিকে অতি কমেও ২৭ বছৰ বয়সলৈ নিবনুৱা হৈ ৰ'ব লাগিব ৷ নম্বৰৰ ক্ষেত্ৰত ব্যক্তিগত বিশ্ববিদ্যালয়ত পঢ়া সকলৰহে সুবিধা হ'ব ৷ লক্ষণীয়ভাৱে চৰকাৰী কলেজ, বিশ্ববিদ্যালয়ত পঢ়া অতি কম সংখ্যক আইনৰ ছাত্ৰ ছাত্ৰীয়েহে ৭০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰে ৷ তেনেক্ষেত্ৰত অধিকাংশ প্ৰত্যাশীয়ে বঞ্চিত হ'ব ৷ যদি ওকালতি অবিহনে যোগ্যতা নিৰূপন কৰাত অসুবিধা আছে তেন্তে নিযুক্তিৰ পিছত যথোপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে তাৰ লগে লগে কলেজসমূহত theory ৰ লগতে ছাত্ৰাৱস্থাতে Practical education দিয়াৰ ব্যৱস্থা কৰিব পাৰে কিন্তু তাকে নকৰি এনেদৰে বয়স, অভিজ্ঞতা, নম্বৰ যোগ্যতাৰ মাপকাঠী হিচাপে বঢ়াই থাকিলে ছাত্ৰ ছাত্ৰীসকল হতাশ হৈ পৰিব ৷ Madhya Pradesh Judicial Service (Recruitment and Conditions of Service) Rules, 1994 সংশোধনী মানি ল'ব নোৱাৰি ৷
কথাখিনি এইবাবেই ক'লো, আজি যদি মধ্য প্ৰদেশত কাইলৈ আন আন প্ৰদেশত হ'ব ৷