02/10/2025
কাপৰ নীলাৰে হৃদয়ত খোদিত জনশিল্পী জুবিন গাৰ্গৰ এখনি প্ৰতিচ্ছবিৰ আত্মপ্ৰকাশ
---------------------------------------------------------------
সময় সকলোতকৈ শক্তিশালী, যাৰ বিৰুদ্ধে গতি কৰাৰ সাহস কাৰোৰে নাই, যাক আমি সলনি কৰিব নোৱাৰোঁ অথচ আমাক সলনি কৰাৰ সম্পূৰ্ণ চক্ৰান্ত কিন্তু সময়ৰেই। অনন্ত কালৰে পৰা নিৰৱছিন্নভাৱে বৈ অহা সময়ৰ কিন্তু কেতিয়াও জিৰণিও নাই। সময়ৰ লগত তাল মিলাই খোজ কাঢ়িব পাৰা যদি সকলো দিব অন্যথাই সময়ৰ প্ৰহাৰত বিধস্ত হৈ শূন্যতাৰ বিশাল পৰিসৰৰ মাজত হেৰাই যাব লাগিব । সেয়ে সময়ৰ প্ৰতি অলপ ক্ষোভ , অলপ অভিমান, অলপ হতাশা সদায়েই থাকে । কিন্তু এই সময়লৈও কেতিয়াবা শ্ৰদ্ধা জাগে যেতিয়া কিছুমান মহান ব্যক্তিত্বৰ পৃথিৱীখনত ভুমুকি মৰাৰ সুবিধা পাওঁ। সৰ্বতোকালৰ শ্ৰেষ্ঠ ব্যক্তিসকলৰ পৃথিৱীখনত বিচৰণ কৰি থাকোঁতে সময় আৰু তেওঁলোকৰ যুদ্ধখনত প্ৰতিভা আৰু খোজৰ ছন্দ্ত সময়ক স্তব্ধৰূপত দেখা পাওঁ। সেইসময়লৈ নতমস্তক হৈ উঠে , যি সময়ত শিল্পীৰ মহানতাৰ ছত্ৰছায়াত সময়ক হাতৰ মুঠিত ধৰি মোৰ সময় বুলি কোৱাৰ সুবিধা পাওঁ । আজিও গৰ্বত ফুলি উঠিছোঁ, হৃদয়খন মিশ্ৰিত আগেয়ে অনুভৱ নকৰা কিছুমান আবেগেৰে ভৰি উঠিছে। জুবিন, তোমাৰ সময়ক, তোমাৰ যুগক কোটি কোটি প্ৰণাম, যি যুগৰ মইও মাত্ৰ এটা ধুলিকণা , কাৰণ আজিৰ সমগ্ৰ বিশ্বই আমাৰ সোণৰ অসমখনক আশ্বৰ্য্যৰে চাইছে, জানিবলৈ চেষ্টা কৰিছে, আমাৰ শ্ৰেষ্ঠতাৰ ওচৰত নতমস্তক হৈছে। তোমাৰ সৃষ্টিৰে তুমিয়েই মহান হোৱা নাই আজি , তোমাৰ সৃষ্টিৰে তোমাৰ জাতি, তোমাৰ দেশ , তোমাৰ ভাষা , তোমাৰ সংস্কৃতি মহান হৈ উঠিছে। হে শিল্পী, তোমাক শব্দৰ উৰ্দ্ধত, ভাষাৰ উৰ্দ্ধত, জাতি -বৰ্ণ- ধৰ্মৰ উৰ্দ্ধত জনাইছো শ্ৰদ্ধাঞ্জলি, যুগে যুগে তুমি এই ক্ষণটিৰ দৰেই ৰোৱা জিলিকি, অনন্তৰ পৰা অসীমলৈ।
সৰ্বতো কালৰ এটা সৰ্বশ্ৰেষ্ঠ সত্বা জুবিন গাৰ্গ, যি সাধাৰণ মানৱীয় গুণৰো ওপৰত । ভাল- বেয়াৰ অদ্ভুত মিশ্ৰণৰ এটা অজেয় সত্বা যাৰ গভীৰতাৰ তুলনা আজিৰ সময়ততো নায়েই, অনাগত ভৱিষ্যতেও অসমীয়াই আৰু কিমান দীঘলীয়া আপেক্ষা কৰিব লাগে তাৰ কোনো অনুমান হয়তো সৰ্বজ্ঞজনেও কৰিবলৈ কিছু জটিল হ'ব।
এটা খেয়ালি স্বভাৱৰ সত্বা, এটা বিশৃংখল সত্বা , এটা আন কোনেও চম্ভালিব নোৱাৰা সত্বা , এটা সত্বা, যি এখন খোলা কিতাপৰ দৰেই একো আঁৰবেৰ নথকা কিন্তু বুজি পাবলৈ প্ৰয়োজন এক অসাধাৰণ বোধশক্তিৰ , এটা সত্বা, সহজ লভ্য হৈও দুৰ্গম, পাহাৰত ফুলি ৰোৱা এপাহ বনৰীয়া ফুল; আৰু এই সত্বাটো হৈছে জুবিন গাৰ্গ যাক মানুহে বুজি পায়ো অনূভৱ কৰিব পৰা নাই । আচলতে জুবিন গাৰ্গৰ জীৱনদৰ্শন সাধাৰণ মানুহৰ পৰা কিছু পৃথক আছিল, যি জীৱন দৰ্শনৰ প্ৰয়োজন হয়তো আছিল এক বিশেষ মাৰ্গদৰ্শকৰ যিটো হয়তো জুবিনে জীয়াই থকা সময়খিনিত বিচাৰি ভাগৰি পৰিছিল। বহু সময়ত আমাৰ নিজৰো হয় , বুজি নাপাওঁ কি বিচাৰোঁ , এক অস্পষ্ট ধুঁৱলি- কুঁৱলী ছবি মনত ভাঁহি থাকে কিন্তু এই ছবিখন স্পষ্টকৈ নোপোৱালৈকে জীৱন যেন অস্থিৰ। হয়তো জুবিনেও আঁকিছিল এই ছবি আৰু বাস্তৱ ৰূপ দিব বিচাৰি ক'ৰবাত বিফল হৈছিল। The philosophy of life is an over all vision or attitude towards life and the purpose of it. আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত যেন এনে 'এটিটিউড' আৰু 'পাৰপাজ' আছিল দৃষ্টি অলপ অস্পষ্ট আছিল। যি জুবিন গাৰ্গক জীয়াই থকা কালচোৱাত দেখিছিলোঁ , বুজিছিলোঁ আৰু মৃত্যু দিনাখনৰ পৰা খণ্ড খণ্ড বিভিন্ন ভিডিঅ'বোৰ চাই অনুভৱ কৰিছোঁ তেওঁ একাকীত্বত ভুগিছিল। একাকীত্ব মানে যত্ন নোপোৱা, বুজি নোপোৱা বা নিসংগতাত ভোগাৰ কথা কোৱা নাই । মই বুজাব বিচাৰিছোঁ কিছুমান গভীৰ দাৰ্শনিক ভাৱধাৰাৰ ভাগবতৰাত সৃষ্টি হোৱা একাকীত্বৰকথা। যাৰ ফলস্বৰূপে হয়তো ঈশ্বৰপুৰুষ জুবিন গাৰ্গক আমি কাষত পোৱাতকৈ আমি খেয়ালী, বিশৃংখল জুবিনগাৰ্গক বেছি কাষত পালোঁ যি প্ৰতিটো সচাঁ আবেগ , অনুভৱ এই সাধাৰণ বেপেৰুৱা জুবিনৰ মাজত চিৰদিন লুকাই ৰাখিলে । বহু সাক্ষাৎকাৰত তেওঁক কোৱা দেখিছোঁ তেওঁ এজন যোদ্ধা, এজন নিৰৱছিন্ন যোদ্ধা। এই যুদ্ধ তেওঁ ভগ্নীক হেৰুৱাৰ বেদনাৰ লগত, মাতৃহাৰা হোৱা বেদনাখিনিৰ লগতো কৰিছে। আৰু নিৰৱছিন্নভাৱে কৰি আহিছে যিটো কথা আৰু কামত গভীৰভাৱে অধ্যয়ন কৰিলে দেখা পোৱা যায়। কিন্তু লগতে এইটোও সচাঁ , জুবিন এনে এটা সত্বা যাক অধ্যয়ন কৰাটো, বুজি লৈ এটা নিদিষ্ট ধাৰণা বনাই লোৱাটোও বহু অসাধ্যৰ কাম। জনশিল্পী জুবিন । কিন্তু এই শিল্পীৰ আঁৰত আৰু এজন মানুহ আছে যি সচাঁ , স্বাভাৱিক জুবিন যাক জুবিনৰ জনতাই জীয়াই থকা কালচোৱাত বুজিবলৈ কিন্তু বহুত কম চেষ্টা কৰিলে।
জুবিন আচলতে সময়ৰ সন্তান আছিল। আৰু সেয়ে হয়তো সময়ে স্তৰে স্তৰে গঢ় দি আজিৰ পৰ্য্যায়লৈ আনিছিল। প্ৰায় কিশোৰ অৱস্থাৰে পৰা গানৰ পৃথিৱীৰ লগত নিজৰ সংযোগ স্থাপন কৰিবলৈ লোৱা জুবিনৰ জীৱনৰ প্ৰথমটো মাইলৰ খুঁটি পাৰ কৰালৈকে সকলোবোৰ অন্য কোনো কিশোৰৰ দৰেই স্বাভাৱিক আৰু সহজ আছিল। শ্ৰেণীকোঠাৰ সীমাৱদ্ধ জ্ঞানত নিজক আৱদ্ধ নাথাকি জুবিন আছিল বিভিন্ন গ্ৰন্থৰাজিৰ জৰিয়তে জ্ঞানৰ পূথিৱীত সততে বিচৰণ কৰি ফুৰা এজন অত্যন্ত জ্ঞান-পিপাসী ব্যক্তি আছিল। সংগীতৰ প্ৰতিটো ক্ষেত্ৰত জুবিনৰ জ্ঞানৰ গভীৰতাই কয়, কিমান বহল প্ৰতিটো বিষয়ৰ ওপৰত জুবিনৰ পৰিসৰ। সেয়ে হয়তো লাহে লাহে জুবিনৰ মাজত সৃষ্টি হৈছিল এটা প্ৰতিবাদী সত্বাৰো, যিটো সত্বা সহজেই লোকচক্ষুৰ আগত ধৰা দিছিল। এই প্ৰতিবাদী সত্বাক কোনো সময়ত গ্ৰহণ কৰিব নোৱাৰি ক্ষোভ কিছুমান জুবিনৰ প্ৰতি জন্ম নোহোৱাকৈ থকা নাছিল। কাৰণ জুবিনক শিল্পী হিচাপেই নহয় তেওঁৰ সৃষ্টি ৰাজিৰ বাবেই নহয়, তেওঁক শ্ৰদ্ধা আৰু নমন কৰিবলৈ বিচাৰিছিলোঁ অসমীয়াৰ সম্পদ হিচাপে, অসমীয়া সমগ্ৰ সত্বাৰ আত্মা হিচাপে। সেয়ে স্পষ্টবাদী হ'লেও কোনো কথাত একমত হ'ব নোৱাৰি সৰ্বোচ্চ অনুভৱৰ জখলাডালৰ পৰা হামখুৰি খাই পৰি জুবিন নামৰ সত্বাটোৰ প্ৰতি গৰজিও উঠিছিলোঁ। কিন্তু এই গুজৰণিৰ অন্তৰালত আছিল জুবিনৰ প্ৰতি আন্তৰিকতা, অপৰিসীম সন্মানৰ এক বিশেষ ফোঁৱাৰা।
আচলতে মুখে মুখে জুবিনৰ জনপ্ৰিয়তা দেখি আলোচিত হৈছিল, জুবিনক শেষ বিদায় জনাবলৈ সমগ্ৰ অসমতেই ফুলৰ অভাৱ হ'ব। কিন্তু প্ৰকৃতিপ্ৰেমী জুবিনে জানো কেৱল শেষ সময়ত শেষ হৈ যোৱাকৈ ফুলৰ মালাৰে বিদায় জনাবলৈকে বলিউডৰ দৰে প্ৰতিষ্ঠিত এখন মঞ্চকো ত্যাগ কৰি অসমী আইৰ কোলাতেই কেৱল আৰু কেৱল আশ্ৰয় বিচাৰিছিল? জুবিনক আমি বিচাৰিছিলো মৃত্যুৰ পাছত নহয় বৰঞ্চ জীয়াই থকাৰ সময়খিনিত এনেদৰে আদৰণি জনাবলৈ, বিচাৰিছিলোঁ জুবিনক এনেদৰেই আমাৰ অনুপ্ৰেৰণাৰ কঠিয়াতলি হিচাপে। আজিও জুবিন আমাৰ অনুপ্ৰেৰণাৰ এখন কঠিয়াতলি হয় কিন্তু এই কঠিয়াতলি আৰু বেছি ফচলেৰে ভৰা আৰু বেছি উৰ্বৰা আৰু বেছি শক্তিশালী আৰু গভীৰ হ'ব পাৰিলেহেতেঁন , বেছি সুসংগঠিত হ'ব পাৰিলেহেতেঁন। আৰু হয়তো এই দুখ, এই অপ্ৰকাশ্য বেদনা, অসময়ত জুবিনক হেৰুৱাৰ এইবেদনাখিনি কষ্টখিনি যুগে যুগে প্ৰতিজন অসমীয়াৰ হৃদয়তেই থাকি যাব। যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা জুবিনে কিন্তু কেৱল যুৱ প্ৰজন্মকেই নহয়, প্ৰতিটো প্ৰজন্মকেই নিজৰ সৃষ্টিৰে স্পৰ্শ কৰিছে। প্ৰতিটো প্ৰজন্মৰ মাজত ল'ৰাৰ পৰা বুঢ়ালৈকে এডাল সমন্বয়ৰ সাঁকোৰে এক কৰি বান্ধিবলৈ সফল হৈছিল। মৃত্যু হয়তো সেইবাবেই শ্ৰেষ্ঠ, কাৰণ মৃত্যুৱে আজি লোকচক্ষুৰ আঁৰত থকা জুবিনটোক বাৰে বাৰে জানিবলৈ, বুজিবলৈ, বিচাৰিবলৈ প্ৰতিজন অসমীয়াকে নহয়, ভাৰতীয়কেই নহয়, বিশ্ববাসীকো বাধ্য কৰিছে । এইয়াই জুবিনৰ মহত্ব, যি মহত্ব আজি মৃত্যুৰ পাছত বেছি ফটফটিয়া হৈ চকুত ধৰা দিছে। আজি সকলোৱে শিশুসুলভ, মুকলি, স্পষ্টবাদী মানসিকতাৰ জুবিনক বিশৃংখলতাৰ আঁৰৰ মানুহটোক সামান্য হ'লেও চিনি পোৱাৰ বাবেই এক আত্মিক অনুভৱেৰে স্মৃতিত সতেজ কৰি ৰখাৰ অহৰহ প্ৰচেষ্টা কৰিছে ।
বৰ্তমান ধৰ্মীয় সংকীৰ্ণতাৰ যুগত জাতি ধৰ্মৰ উদ্ধত গৈ নিজকে মানুহ বুলি চিনাকী দিয়া জুবিন, সকলোৰে আগত নিজৰ পৰিচয় অসমীয়া বুলি গৰ্বত ফুলি থকা জুবিন এখন কেৱল উপন্যাস নহয়, এটা জীৱন্ত কাহিনী নহয়, জুবিন হ'ল এখন মহাকাব্য আৰু এই মহাকাব্যক এটা - দুটা শব্দৰে বা বাক্যৰে সামৰি ৰাখিব নোৱাৰি।জুবিনৰ শেষৰটো সাক্ষাৎকাৰ যিটো অসমৰ স্বনামধন্য সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৱে লৈছিল জুবিনৰ বৌদ্ধিক দিশটোৰ লগতে জুবিনৰ বিশালতাক, উচ্চাকাংক্ষী মনটোক অলপ হ'লেও বুজি পোৱাত সহায় হৈছে। আজি জুবিন আমাৰ মাজত থাকিব লাগিছিল, হয়তো আজি জুবিনক এক অন্য ৰূপত পালোহেতেন আমাৰ মাজত । আজি অনুভৱ হৈছে জুবিন যেন আৰ্নেষ্ট হেমিংৱেইৰ বিখ্যাত গ্ৰন্থৰ " দ্য অল্ড ম্যেন এণ্ড দ্য চি " ৰ সেই বিখ্যাত আপ্তবাক্য টো " A man can be destroyed but not defeated " হৃদয়ংগম কৰি নিজৰ বুকুত খোদিত কৰি লৈছিল।মানে যুঁজাৰু জুবিনে নিজৰ লক্ষ্য স্থিৰ কৰি লৈছিল য'ত তেওঁ হাৰ মানিব বিচৰা নাছিল কোনো কথাতে, কোনো কাৰণতে। হে শিল্পী হে অতিমানৱ তোমাৰ যাযাবৰী চিন্তাৰ আঁৰৰ তত্ববোৰ আজি অনুধাৱন কৰি, বেপেৰুৱা মানুহটোৰ আঁৰৰ গভীৰ ভাৱবোধৰ মানুহটো বিচাৰি পাই যেন আজি মৃত্যুৰ পাছতো তোমালে হেঁপাহ উপজিছে একঅন্য আভাৰে আলোকিত হৈ । জানো তোমাক কায়িক ভাৱে আৰু অসমীয়া সমাজে নাপাওঁ কিন্তু চিৰযুগমীয়া জুবিন হৈ চন্দ্ৰ-সূৰ্য্য আকাশত থাকে মানে থাকিবা তুমিও প্ৰতিজন বিশ্বজনতাৰ হৃদয়ত । হে জনতাৰ শিল্পী, তোমাক প্ৰণাম ।।।।
********
✍️ৰীমামণি বড়া
ডিব্ৰুগড় , অসম।