06/06/2026
বিশেষ আইনী সজাগতা তথা বিশ্লেষণ:
কোনো ব্যক্তিক ধাৰলৈ দিয়া ধন নিৰ্ধাৰিত সময়ত ঘূৰাই নিদিয়া, যোগাযোগ বিছিন্ন কৰা অথবা ওলোটাই ভাবুকি প্ৰদান কৰাটো আইনতঃ দণ্ডনীয় অপৰাধ। ভাৰতীয় আইন ব্যৱস্থাৰ অধীনত ভুক্তভোগীৰ বাবে থকা আইনী সুৰক্ষা আৰু বৈধানিক খোজসমূহ তলত সংক্ষেপে দাঙি ধৰা হ’ল:
১/ বৈধানিক জাননী (Legal Notice) প্ৰেৰণ:
ধন উদ্ধাৰৰ প্ৰথম পদক্ষেপ হৈছে এজন পঞ্জীভুক্ত অধিবক্তাৰ (Registered Advocate) জৰিয়তে অভিযুক্তলৈ এখন চৰকাৰী আইনী জাননী প্ৰেৰণ কৰা। এই জাননীত ধন ওভতাই দিবলৈ ১৫ দিনৰ চৰ্তহীন সময়সীমা ধাৰ্য কৰা হয়। আইনী মেৰপেচৰ ভয়ত অধিকাংশ ক্ষেত্ৰতে এই পৰ্যায়তে ধন ঘূৰি আহে।
২/ দেৱানী আদালতৰ আশ্ৰয়: অৰ্ডাৰ ৩৭, চি.পি.চি (Order 37 of CPC)
জাননী অমান্য কৰিলে দেৱানী আদালতত (Civil Court) ধন উদ্ধাৰৰ বাবে 'Summary Suit' বা ক্ষিপ্ৰ গোচৰ ৰুজু কৰিব পাৰি। যদি আপোনাৰ ওচৰত কোনো লিখিত চুক্তিপত্ৰ (Promissory Note), হস্তাক্ষৰ যুক্ত পত্ৰ বা বেংক চেক (Cheque) থাকে, তেন্তে এই ধাৰাৰ অধীনত আদালতে অভিযুক্তক সহজে আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ অতি কম সময়ৰ ভিতৰত সুদে-মূলে ধন ওভতাই দিয়াৰ ৰায় প্ৰদান কৰে।
৩/ ভাবুকি তথা অপৰাধমূলক আচৰণৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ:
প্ৰাপ্য ধন ওভতাই বিচৰাৰ সময়ত যদি অভিযুক্তই ওলোটাই গালি-গালাজ, শাৰীৰিক আক্ৰমণ বা প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰে, তেন্তে ভাৰতীয় ন্যায় সংহিতা (BNS) ৰ অধীনত লগে লগে এজাহাৰ (FIR) দাখিল কৰক:
ধাৰা ৩৫১ BNS (Criminal Intimidation): অপৰাধমূলক ভয়-ভাবুকি প্ৰদান কৰাৰ বিৰুদ্ধে।
ধাৰা ২৯৬ BNS (Obscene Acts): ৰাজহুৱা স্থানত অশালীন গালি-গালাজ কৰাৰ অপৰাধত।
ধাৰা ১১৫ BNS (Voluntarily Causing Hurt): ভুক্তভোগীক শাৰীৰিকভাৱে আঘাত বা মাৰ-পিট কৰিলে।
৪/ প্ৰতাৰণা আৰু আত্মগোপনৰ বিৰুদ্ধে ব্যৱস্থা:
যদি অভিযুক্তই প্ৰথমৰে পৰা প্ৰৱঞ্চনাৰ উদ্দেশ্যেৰে ধন সংগ্ৰহ কৰি বৰ্তমান যোগাযোগ বন্ধ কৰি বা বাসস্থান সলাই আত্মগোপন কৰিছে, তেন্তে আৰক্ষীৰ ওচৰত তলৰ ধাৰাত গোচৰ ৰুজু হ’ব:
ধাৰা ৩১৮ BNS (Cheating): অসৎ উদ্দেশ্যেৰে আৰ্থিক প্ৰতাৰণা কৰাৰ অপৰাধত।
ধাৰা ৩১৬ BNS (Criminal Breach of Trust): বিশ্বাস ভংগ কৰি আনৰ ধন আত্মসাৎ কৰাৰ বাবে (জামিনবিহীন গোচৰ)।
৫/ ডিজিটেল লেনদেন তথা লিখিত প্ৰমাণহীন অৱস্থাত প্ৰতিকাৰ:
কোনো লিখিত চুক্তি বা চেক অবিহনে কেৱল Google Pay/PhonePe অথবা নগদ ধনেৰে কৰা লেনদেনৰ ক্ষেত্ৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি:
তথ্য-প্ৰমাণ: Google Pay বা PhonePe-ৰ ট্ৰেঞ্জেকশ্যন আইডি (Transaction ID) আৰু বেংক ষ্টেটমেণ্টক ভাৰতীয় প্ৰমাণ আইন (Indian Evidence Act) অনুসৰি আদালতত অকাট্য প্ৰমাণ হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও হোৱাটছএপ বাৰ্তা (WhatsApp Messages), কল ৰেকৰ্ডিং আৰু সাক্ষীৰ ভাষ্যক ডিজিটেল তথা মৌখিক প্ৰমাণ হিচাপে উপস্থাপন কৰিব পাৰি।
গোচৰৰ প্ৰকৃতি: ধন উদ্ধাৰৰ বাবে দেৱানী আদালতত 'ধন উদ্ধাৰৰ গোচৰ' (Money Recovery Suit) তৰিব পাৰি। লগতে প্ৰতাৰণা স্পষ্ট হ’লে আৰক্ষী থানাত ধাৰা ৩১৮ BNS (Cheating Case) আৰু ধাৰা ৩১৬ BNS (Criminal Breach of Trust Case) ৰ অধীনত ফৌজদাৰী গোচৰ ৰুজু কৰাৰ পূৰ্ণ অধিকাৰ আছে।
📞 আইনী সাহায্য তথা পৰামৰ্শৰ বাবে:
যিকোনো আইনী জটিলতা, আদালতত গোচৰ ৰুজু কৰা (Case Filing) অথবা প্ৰৱঞ্চকৰ পৰা ধন উদ্ধাৰৰ বাবে আইনী জাননী (Legal Notice) প্ৰেৰণ কৰিবলৈ ফৌজদাৰী আৰু দেৱানী (Criminal & Civil) আইনৰ বিশেষজ্ঞ অধিবক্তা , ইনামূল হকৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰক।
👉 যোগাযোগৰ নম্বৰ: +919365085973
📢 এক বিশেষ জাননী:
এয়া কোনো বাণিজ্যিক বিজ্ঞাপন বা প্ৰম’চন (Promotion) নহয়। জনসাধাৰণক সঠিক আইনী পথৰ সন্ধান দিয়া তথা সামাজিক সজাগতা বৃদ্ধিৰ উদ্দেশ্যেহে কেৱল এই তথ্য আগবঢ়োৱা হৈছে।