18/05/2026
#প্ৰসংগ_Uniform_Civil_Code_UCC " #উমৈহতীয়া_নাগৰিক_সংহিতা"।
বিভিন্ন ধৰ্ম ও জাতিৰ লোকৰ বাবে বিবাহ (Marriage), বিবাহ-বিচ্ছেদ (Divorce), উত্তৰাধিকাৰ (Succession & Inheritance), দত্তক (Adoption) আৰু অভিভাৱকত্ব (Guardianship) আদি ব্যক্তিগত আইন (Personal Law) ৰ বিষয়বোৰ সামৰি "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) প্ৰনয়নৰ বাবে একাংশ লোকে পোষকতা কৰি আহিছে। আনহাতে, ধৰ্মীয় স্বাধীনতা ও সাংস্কৃতিক বৈচিত্ৰ্যত আঘাত কৰিব বাবে একাংশ লোকে "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) প্ৰনয়নৰ বিৰুধিতা কৰি আহিছে।
ভাৰতীয় সংবিধানৰ List-III (Concurrent List) অনুসৰি কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰে ব্যক্তিগত আইন (Personal Law) সম্পৰ্কীয় আইন প্ৰনয়ন কৰিব পাৰে। Concurrent List ৰ বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি (Assent) ৰ প্ৰয়োজন হয়।
=> ব্ৰিটিছ আমল (British Period):
ৱাৰেন হেস্টিঙে ব্যক্তিগত আইন নীতি (Personal Law Policy) প্ৰৱৰ্তন কৰাৰ সময়ত ব্ৰিটিছসকলে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ব্যক্তিগত আইন (Personal Law) ত হস্তক্ষেপ কৰিব বিচাৰিছিল, যি আইন সেই সময়ত মোগল প্ৰশাসকসকলৰ দ্বাৰা পৰিচালিত হৈছিল। যদিও এই নীতিয়ে হিন্দু আৰু মুছলমানৰ বাবে ভাৰতৰ ব্যক্তিগত আইন (Personal Law) ক স্বীকৃতি দিছিল, ১৮৩৩ চনৰ ১০ জুলাইত ব্ৰিটিছ সাংসদৰ এক বৃহৎ অংশই হাউচ অৱ কমন্সত ইয়াৰ বিৰোধিতা কৰিছিল। অৱশ্যে, স্বাধীনতা সংগ্ৰামী আৰু একাংশ বুদ্ধিজীৱীয়ে স্থানীয় আইন (Local Law) ৰ সপক্ষে চেষ্টা কৰিছিল আৰু ব্যক্তিগত আইন (Personal Law) ত সাধাৰণ আইন (Common Law) সম্পূৰ্ণৰূপে জাপি দিয়াটো প্ৰতিহত কৰিছিল।
ভাৰতৰ ব্ৰিটিছ চৰকাৰে বিশেষকৈ অপৰাধ, সাক্ষ্য আৰু চুক্তি সম্পৰ্কীয় আইনসমূহ সংহিতাৱদ্ধ (Codification) কৰাৰ জৰিয়তে আইনী ব্যৱস্থাসমূহ সংস্কাৰ কৰিব বিচাৰিছিল। অৱশ্যে, ১৮৪০ চনৰ অক্টোবৰ মাহৰ ‘লেক্স লচী ৰিপ’ৰ্ট’ (Lex Loci Report) এ এই সংহিতাৱদ্ধকৰণ প্ৰয়াসৰ পৰা ব্যক্তিগত আইন (Personal Law) বাদ দিবলৈ পৰামৰ্শ দিছিল।
ব্ৰিটিছ শাসনকালত সামূহিক বুজাবুজিত উপনীত হৈছিল যে, ব্যক্তিগত আইন (Personal Law) কএকক দেৱানী আইন (Common Civil Law) ৰ পৰা ৰেহাই দিয়া হ'ব আৰু সাধাৰণ আইন (Common Law) ক ব্যক্তিগত আইন (Personal Law) ৰ ওপৰত জাপি দিয়া নহব। সেয়ে হিন্দু আইন, মুছলমান আইন, খ্ৰীষ্টান আইন, পাৰ্চী আইনৰ লগতে অন্যান্য ব্যক্তিগত আইনসমূহক 'সংৰক্ষণ' আৰু 'সংহতিবদ্ধ' (Codify) কৰিছিল। স্বাধীনতাৰ পিছত ব্যক্তিগত আইন (Personal Law) ৰ ভৱিষ্যত ভাৰতৰ সংবিধান সভা (Constituent Assembly of India) ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল।
ভাৰতীয় মুছলমানৰ ক্ষেত্ৰত শ্বৰিয়ত প্ৰজোয্য হোৱাকৈ ব্ৰিটিছ চৰকাৰে The Muslim Personal Law (Shariat) Application Act, 1937 প্ৰণয়ন কৰিছিল। এই আইন আজিৰ তাৰিখলৈকে প্ৰযোজ্য হৈ আছে।
=> ভাৰতৰ সংবিধান সভা (Constituent Assembly of India):
ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) কাৰ্যকৰী কৰাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল। কিন্তু, সংবিধান সভা (Constituent Assembly) ৰ সদস্যসকল একমতত উপনীত হব পৰা নাছিল। একাংশই ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় বঢ়াব বুলি দাবী কৰাৰ বিপৰীতে, আন একাংশই বিশাল ধৰ্মীয় আৰু সাংস্কৃতিক পৰিচয়ৰ দেশ এখনত ইয়াৰ কাৰ্যকৰীতাৰ বিৰুধী আছিল।
ভাৰতৰ সংবিধান সভাই খচৰা কমিটি (Drafting Committee) গঠন কৰিছিল। বিভিন্ন বিষয়ৰ ওপৰত গভীৰভাৱে আলোচনা কৰিবলৈ উপ-সমিতি (Sub-Committee) গঠন কৰিছিল। মৌলিক অধিকাৰ (Fundamental Rights) বিষয়ক উপ-সমিতিত ''একক নাগৰিক সংহিতা'' (Common Civil Code) ৰ বিষয়টো উত্থাপন হৈছিল। এই ধাৰণা কানাডাৰ সংবিধানৰ ৯৪ নং অনুচ্ছেদৰ পৰা আহৰণ কৰা হৈছিল, য’ত দেশখনত এক উমৈহতীয়া দেৱানী আইন (Uniform Civil Law) আৰু প্ৰক্ৰিয়াগত আইন প্ৰণয়নৰ ব্যৱস্থা আছে।
পন্ডিত জৱাহৰলাল নেহৰুয়ে ব্যক্তিগতভাৱে ধৰ্মনিৰপেক্ষ আইনক সমৰ্থন কৰিলেও, সম্প্ৰদায়সমূহক নিজাকৈ ভিতৰি পৰিৱৰ্তন হ'বলৈ প্ৰয়োজনীয় স্থান দিয়াৰ ক্ষেত্ৰত ৰাজনৈতিক আৰু সামাজিক প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছিল। ড০ বি আৰ আম্বেদকাৰে সংবিধানত "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) জাপি দিয়া নাছিল, বৰঞ্চ ইয়াক নিৰ্দেশাত্মক নীতি (Directive Principles) ৰ অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল।
কে. এম. মুন্সী, এম. আৰ. মাছানি, হংসা মেহতা আৰু ৰাজকুমাৰী অমৃত কৌৰৰ দৰে কেইজনমান সদস্যই সৰ্বভাৰতীয় নাগৰিক আচৰণ বিধিক মৌলিক অধিকাৰ (Fundamental Rights) ৰ অন্তৰ্ভুক্ত কৰিবলৈ যুক্তি আগবঢ়াইছিল। আনহাতে, মৌলানা আবুল কালাম আজাদ, কে. টি. শ্বাহ, ফ্ৰেংক এন্থনী, বেগম আইজাজ ৰাছুল, মহাবীৰ ত্যাগী, আচাৰ্য জে. বি. কৃপালনী, টি. প্ৰকাশম আৰু কমলাপতি ত্ৰিপাঠীৰ দৰে প্ৰভাৱশালী নেতাসকলে "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) ৰূপায়ণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকৰ মূল আশংকাসমূহ আছিল যে এনে সংহিতা প্ৰৱৰ্তন কৰিলে ধৰ্মীয় স্বতন্ত্ৰতা খৰ্ব হোৱাৰ লগতে সংখ্যালঘুৰ অধিকাৰ উলংঘা হ’ব আৰু ইয়াৰ দ্বাৰা দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য বিঘ্নিত হ’ব।
"উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) ক ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ (Fundamental Rights) হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱটো উপ-সমিতিয়ে নাকচ কৰিছিল। তাৰ পৰিৱৰ্তে, উপ-সমিতিয়ে ইয়াক ''ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি"(Directive Principles of State Policy) ৰ অন্তৰ্ভুক্ত কৰিবলৈ নীতিগতভাৱে সন্মত হৈছিল। সংবিধান নিৰ্মাতা সকলে আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত বিতৰ্কিত আৰু বাস্তৱত প্ৰয়োগ কৰিব নোৱাৰা বিষয়বোৰ ‘ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি’ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ এক উপায় উদ্ভাৱন কৰিছিল।
=> ভাৰতীয় সংবিধান (Constitution of India):
ভাৰতীয় সংবিধানৰ ''ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি"(Directive Principles of State Policy) ৰ ৪৪ নং অনুচ্ছেদ অনুসৰি: "ৰাষ্ট্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ বাবে এক উমৈহতীয়া নাগৰিক সংহিতা (Uniform Civil Code) সুনিশ্চিত কৰিবলৈ প্ৰয়াস কৰিব।" ৩৭ নং অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে: "এই অংশত সন্নিৱিত ব্যৱস্থাসমূহ কোনো ন্যায়ালয়ত বলবৎ কৰিব নোৱাৰিব, কিন্তু ইয়াত উল্লেখ কৰা নীতিসমূহ দেশৰ শাসন ব্যৱস্থাৰ বাবে মৌলিক হ'ব আৰু আইন প্ৰণয়নৰ ক্ষেত্ৰত এই নীতিসমূহ প্ৰয়োগ কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য হ'ব।"
=> ভাৰতীয় আইন আয়োগ (Law Commission of India):
"উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) ৰ বিষয়টো পৰীক্ষণৰ জৰিয়তে পৰামৰ্শ আগবঢ়ালৈ কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ে ১৬.০৭.২০১৬ তাৰিখে ২১ সংখ্যক ভাৰতীয় আইন আয়োগক অনুৰোধ জনায়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ডঃ বি. এছ. চৌহানৰ অধ্যক্ষতাত গঠিত ২১ সংখ্যক ভাৰতীয় আইন আয়োগে ৩১.০৮.২০১৮ তাৰিখে পৰিয়াল আইন সংষ্কাৰ সম্পৰ্কীয় পৰামৰ্শ পত্ৰ (Consultation Paper on Reform of Family Law) দাখিল কৰি মতামত প্ৰকাশ কৰে যে— ভাৰতত ব্যক্তিগত আইনসমূহ (Personal Law) সংস্কাৰ (Reform) কৰাৰ প্ৰয়োজন আছে আৰু এই পৰ্যায়ত "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) "প্ৰয়োজনীয়ও নহয় বা বাঞ্ছনীয়ও নহয়"।
কৰ্নাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰী ৰিতু্ৰাজ আৱাস্তীৰ অধ্যক্ষতাত গঠিত ২২ সংখ্যক ভাৰতীয় আইন আয়োগে "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code-UCC) সম্পৰ্কে সৰ্বসাধাৰণ ৰাইজ আৰু স্বীকৃতিপ্ৰাপ্ত ধৰ্মীয় সংগঠন সমূহৰ মতামত আৰু পৰামৰ্শ পুনৰ বিচাৰি ১৪.০৬.২০২৩ তাৰিখে ৰাজহুৱা জাননী কৰে। "উমৈহতীয়া নাগৰিক সংহিতা" (Uniform Civil Code- UCC) সম্পৰ্কে কোনো ধৰণৰ প্ৰতিবেদন দাখিল নকৰাকৈ ২২ সংখ্যক ভাৰতীয় আইন আয়োগৰ কাৰ্য্যকাল অন্ত পৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শ্ৰী দ্বীনেশ্ব মহেশ্বৰীৰ অধ্যক্ষতাত ২৩ সংখ্যক ভাৰতীয় আইন আয়োগ (২০২৪-২০২৭) গঠিত হয়।
=> গোৱা নাগৰিক সংহিতা (The Goa Civil Code):
গোৱাত উমৈহতীয়া নাগৰিক সংহিতা (Uniform Civil Code) অৰ্থাৎ The Goa Civil Code of 1867 প্ৰযোজ্য হৈ আছে। গোৱাত হিন্দু, মুছলমান আৰু খ্ৰীষ্টান সকলোৱে বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় একেটা আইনৰ দ্বাৰাই পৰিচালিত হয়। এইটো ব্যতিক্ৰমী আইনী ব্যৱস্থা, কাৰণ গোৱাৰ এই নাগৰিক সংহিতা হৈছে পৰ্তুগীজ শাসনকালৰে অৱশিষ্ট অংশ। ১৯৬১ চনত গোৱা ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হোৱা সময়ৰ পৰাই এই আইন বিদ্যমান।
১৯৬২ চনত কেন্দ্ৰীয় চৰকাৰে The Goa, Daman and Diu (Administration) Act, 1962 ৰ জৰিয়তে গোৱাত পৰ্তুগীজ শাসনকালৰ পৰা চলি থকা আইনসমূহ বাহাল ৰাখিবলৈ কৰ্তৃপক্ষক অধিকাৰ প্ৰদান কৰে আৰু যেতিয়ালৈকে কোনো উপযুক্ত বিধায়িনী দলে ইয়াক সংশোধন বা বাতিল নকৰে তেতিয়ালৈকে সেই আইনসমূহ বাহাল থাকিব। ফলস্বৰূপে, গোৱাত পৰিয়াল আইনৰ ক্ষেত্ৰত এই সংহিতা আজিও প্ৰযোজ্য হৈ আছে।
=> উত্তৰাখণ্ড উমৈহতীয়া নাগৰিক সংহিতা (Uttarakhand Uniform Civil Code):
২৭.০১.২০২৫ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ উত্তৰাখণ্ড চৰকাৰে The Uniform Civil Code, Uttarakhand, 2024 আৰু The Uniform Civil Rules, Uttarakhand, 2025 প্ৰনয়ন কৰে। এই নাগৰিক সংহিতা সমগ্ৰ উত্তৰাখণ্ড আৰু বাহিৰত থকা উত্তৰাখণ্ডৰ বাসিন্দাৰ ওপৰত প্ৰযোজ্য। এই সংহিতা জনজাতীয় লোকৰ ওপৰত প্ৰযোজ্য নহয়।
=> গুজৰাট উমৈহতীয়া নাগৰিক সংহিতা (Gujrat Uniform Civil Code):
২৪.০৩.২০২৬ তাৰিখে গুজৰাট বিধানসভাই The Gujrat Uniform Civil Code, 2026 গৃহিত কৰে যদিও এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই। এই নাগৰিক সংহিতা সমগ্ৰ গুজৰাট আৰু বাহিৰত থকা গুজৰাটৰ বাসিন্দাৰ ওপৰত প্ৰযোজ্য হব। এই সংহিতা জনজাতীয় লোকৰ ওপৰত প্ৰযোজ্য নহব।
=> অসম উমৈহতীয়া নাগৰিক সংহিতা (Assam Uniform Civil Code):
১৩.০৫.২০২৬ তাৰিখে অসম কেবিনেটে The Assam Uniform Civil Code Bill, 2026 ৰ খচৰাক অনুমোদন জনায় আৰু ৰাজ্য চৰকাৰে ২৬.০৫.২০২৬ তাৰিখে অসম বিধানসভাত উত্থাপন কৰিব।
সংকলন:
মোস্তাফা খাদ্দাম হুছেইন
তাং-১৮.০৫.২০২৬
বি:দ্ৰ: অনুগ্ৰহ কৰি কপি নকৰিব। শ্বেয়াৰ কৰিব পাৰিব।