Lex-Vidhi

Lex-Vidhi Explanation on laws and legal remedies.

13/11/2025

আইনৰ ইটো-সিটো খণ্ড --৬১
=====================

জামিন (bail), মোহৰযুক্ত লিখিত-বন্ধন (bond), নিশ্চয়তাপ্ৰদানকাৰী/জামিনদাৰ (surety), সুৰক্ষা (security) আৰু ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বন্ধন/পি-আৰ বণ্ড (personal recognizance bond):
********************************************

জামিন (bail): ই এক ন্যায়িক-প্ৰক্ৰিয়া যাৰদ্বাৰা কোনো গোছৰৰ সন্দৰ্ভত জেলত থকা বা জেলত সুমুৱাবলগীয়া অভিযুক্ত-মানুহ এগৰাকীক গোছৰৰ ৰায়দান নোহোৱা পৰ্যন্ত জেলৰ বান্ধোনৰপৰা মুক্ত কৰি ৰখা হয়।

কোনো গোছৰৰ কোনো অভিযুক্তই জামিন আবেদন কৰাটো তেওঁৰ অধিকাৰ।

আনহাতে, অভিযুক্তক জামিন প্ৰদান কৰিবনে নকৰে, সেইটো আদালতৰ বিচক্ষণ-ক্ষমতা বা ইচ্ছা-ভিত্তিক ক্ষমতা।

এইখিনিতে এটা ফকৰা-যোজনা মনলৈ আহে -"bail is a right, but jail is an exception" অৰ্থাৎ জামিনৰ বাবে আবেদন কৰাটো বা জামিন পোৱাটো অধিকাৰ, কিন্তু, জেলত থাকিবলগীয়া হোৱাটো, বা জেলত দিয়াটো এটা ব্যতিক্ৰম।

কোনো গোছৰত অভিযুক্ত এজনে জামিন পোৱাটোক দোষমুক্ত নুবুজায়।

জামিন পালেও অভিযুক্ত ব্যক্তিয়ে গোছৰ চলি থকা সময়ত গোছৰৰ প্ৰতি তাৰিখত আদালতত হাজিৰহৈ থাকিব লাগিব অৰ্থাৎ আদালতৰ কিছুমান নিয়ম মানি চলিব লাগিব, আৰু নিয়ম ভংগ কৰা দেখিলে আদালতে প্ৰদত্ত-জামিন প্ৰত্যাহাৰ কৰিব পাৰে।

জামিন পোৱাটো এক অধিকাৰ হোৱাৰ ভিত্তিতেই অগ্ৰিম-জামিনৰ (anticipatory bail) ব্যৱস্থা আছে।

বন্ধন (bond): যিকোনো ক্ষেত্ৰত প্ৰদান কৰা প্ৰতিশ্ৰুতিয়েই হৈছে বন্ধন।

কোনো গোছৰৰ এগৰাকী অভিযুক্তৰ জামিন-আবেদন আৰু শুনানীৰ ভিত্তিত যদি আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে, তেন্তে, তেওঁৰ জামিনে নিশ্চয়তা ও চূড়ান্ততা পাবলৈ হ'লে তেওঁ আদালতত এক লিখিত বন্ধন দাখিল কৰিব লাগিব, যি বন্ধনক কোৱা হয় জামিন-বন্ধন (bail-bond)।

উপযুক্ততাৰে জামিনৰ বাবে আবেদন কৰা, শুনানী দাখিল কৰা, আৰু জামিন-বন্ধন উপযুক্ততাৰে প্ৰস্তুত কৰা কাম এগৰাকী উকীলৰ হয়।

জামিন মঞ্জুৰ হোৱা আদেশত অভিযুক্তৰ প্ৰতি যি যি নিৰ্দেশনা থাকে, সেইখিনি পালন কৰাৰ প্ৰতিশ্ৰুতি লিখিত আকাৰেৰে জামিন-বন্ধনত উল্লেখ থাকিব লাগিব।

নিশ্চয়তা-প্ৰদানকাৰী (surety/guarantor): জামিন মঞ্জুৰ হোৱা অভিযুক্ত এজনক গোছৰৰ তাৰিখত সময়মতে আদালতত হাজিৰ কৰোৱাৰ দায়িত্ব যিগৰাকী ব্যক্তিয়ে লয়, তেওঁৱেই নিশ্চয়তা-প্ৰদানকাৰী।

নিশ্চয়তা-প্ৰদানকাৰীয়ে যি লিখিত-বন্ধন বা লিখিত-প্ৰতিশ্ৰুতি দিয়ে, সেয়ে নিশ্চয়তা-প্ৰদানৰ বন্ধন (surety bond)।

সুৰক্ষা (security): আদালতে কোনো অভিযুক্তৰ জামিন মঞ্জুৰীৰ নিৰ্দেশত এটা জামিন-পৰিমাণ (bail-amount) উল্লেখ কৰে, যিটো পৰিমাণ, যদি কোনো বিশেষ অসুবিধা অবিহনে অভিযুক্তজনে সময়ত আদালতত হাজিৰ নহয়, তেন্তে, আদালতে বাজেয়াপ্ত কৰিব পাৰে। এই জামিন-পৰিমাণেই হৈছে সুৰক্ষা (security)।

অভিযুক্তৰ জামিন চূড়ান্তকৰণৰ বাবে যিগৰাকী ব্যক্তিয়ে জামিন-মঞ্জুৰী নিৰ্দেশত উল্লেখিত জামিন-পৰিমাণ আদালতত জামিন-বন্ধনৰ লগত জমা দিয়ে বা দাখিল কৰে, তেওঁৱেই জামিনদাৰ (bailor)।

জামিনদাৰে জামিন-বন্ধনত দাখিল কৰিব লাগে যে গোছৰত নিৰ্ধাৰিত হোৱা প্ৰতি পৰবৰ্তী তাৰিখত জামিনদাৰে অভিযুক্তক আদালতত হাজিৰ কৰাব, আৰু যদি কোনো বিশেষ কাৰণ অবিহনে অভিযুক্তক হাজিৰ কৰাব নোৱাৰে, তেন্তে, আদালতে জামিন-পৰিমাণ বাজেয়াপ্ত কৰি পাৰিব।

এই জামিন-পৰিমাণ কিদৰে জামিন-বন্ধনৰ লগত আদালতত দাখিল কৰা যায় --

১ম --জামিন-পৰিমাণ বা ততোধিক পৰিমাণৰ ধনৰ কোনো বেঙ্ক নিৰ্ধাৰিত-জমাৰ প্ৰমাণ-পত্ৰ;

২য় --কোনো গাড়ীৰ পঞ্জীয়ন কাৰ্ড/প্ৰমাণ-পত্ৰ; আৰু

৩য় --কোনো স্থাৱৰ সম্পত্তিৰ চৰকাৰী-স্বীকৃত নথি-পত্ৰ, য'ত তেনে সম্পত্তিৰ বিত্তীয় মূল্য জামিন-পৰিমাণ বা ততোধিকৰ হয়।

সুৰক্ষাৰ বাবদ জমা দিয়া জামিন-পৰিমাণৰ উক্ত নথি-পত্ৰ আদালতৰ গ্ৰহণযোগ্য হ'লে, সেই নথি-পত্ৰসমূহত আদালতৰ ছীল-মোহৰ পৰে, আৰু গোছৰৰ চূড়ান্ত ৰায়দান নোহোৱা পৰ্যন্ত উক্ত নথি-পত্ৰ আদালতৰ দখলত থাকে।

গোছৰ এটাত চূড়ান্ত ৰায়দান হোৱাৰ পাছত উক্ত জামিন-পৰিমাণৰ বাবদ জমা দিয়া বা দাখিল কৰা নথি-পত্ৰ বা প্ৰমাণ-পত্ৰ মোকলাবৰ বাবে জামিনদাৰে আদালতত আবেদন দাখিল কৰিব পাৰে।

অৱশ্যে, জামিনযুক্ত অভিযুক্ত যদি কোনো কাৰণত পলাতক অৱস্থাত থাকে, তেন্তে, তেনে অৱস্থাত জামিনদাৰৰ নথি-পত্ৰ মোকলোৱাৰ আবেদন গ্ৰাহ্য নহয়।

পি-আৰ-বণ্ড (P R Bond): এইখন ব্যক্তিগত প্ৰতিশ্ৰুতি বন্ধন, যিখন কোনো আদালত বা আৰক্ষী-চকীয়ে কোনো অভিযুক্তক প্ৰদান কৰে, যদি অভিযুক্তজনৰ অপৰাধ জামিনযুক্ত হয়।

কি কি অপৰাধ জামিনযুক্ত হয়?

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ প্ৰথম-সূচীত উল্লেখিত অপৰাধ যেনে -আক্ৰমণ (assault), মানহানি (defamation), চুৰি (theft), ইত্যাদি জামিনযুক্ত অপৰাধ (bailable offense)। এনেবোৰ অপৰাধত জামিন পোৱাটো যে অভিযুক্তৰ অধিকাৰ, সেই কথা বেছি গুৰুত্বপূৰ্ণ।

কি কি অপৰাধ জামিনবিহীন হয়?

উক্ত সংহিতাৰ উক্ত সূচীত উল্লেখিত অপৰাধ যেনে -ধৰ্ষণ/বলাৎকাৰ (r**e), হত্যা (murder), ইত্যাদি জামিনবিহীন অপৰাধ (non-bailable offense)। এইসমূহ অপৰাধৰ বেলিকা অভিযুক্তক জামিন দিয়া বা নিদিয়াটো, আদালতৰ স্বতন্ত্ৰ সিদ্ধান্ত।
.....শশাংকজ্যোতি শৰ্ম্মা
১৩/১১/২০২৫

17/09/2025

আইনৰ ইটো-সিটো খণ্ড -৬০:
----------------------------------------

বেঙ্কৰ একাউন্ট যদি ফ্ৰিজ হয়!
-------------------------------------------

বেঙ্কৰ একাউণ্ট ফ্ৰিজ হোৱা/শীতলীকৃত হোৱা মানে কি?

বিশেষ কিছু কাৰণবশত: বেঙ্ক কৰ্তৃপক্ষই বেঙ্কৰ কোনো একাউন্টক সাময়িক ভাৱে বা স্থায়ীভাৱে লেন-দেনৰ বাবে বন্ধ কৰি দিয়ে বা দিব পাৰে, বেঙ্ক একাউন্টৰ তেনে অৱস্থাক একাউন্ট ফ্ৰিজ হোৱা/কৰা বুলি কোৱা হয়।

ফ্ৰিজ হোৱাৰ কাৰণহমূহ --
১ --বেঙ্কৰ একাউন্টত কোনো সন্দেহজনক টকাৰ লেন-দেন হ'লে;

২ --কোনো কৰ বা ঋণ পৰিশোধ নকৰিলে;

৩ --কোনো চৰকাৰী আহ্বানৰ নিমিত্তে;

৪ --কোনো আইনী বা আদালতৰ আদেশৰ নিমিত্তে;

৫ --একাউণ্ট-ধাৰকৰ মৃত্যু হ'লে;

৬ --একাউন্ট-ধাৰকৰ পৰিচয় সন্দেহজনক হ'লে;

আৰু/অথবা

৭ --বেঙ্কৰ একাউন্ট বৰ্তাই ৰখাৰ বাবে প্ৰয়োজনীয় কেৱাইছি (KYC) সময়মতে আৰু নিয়মিত দাখিল নকৰিলে,
তেনে একাউণ্ট ফ্ৰিজ হোৱাৰ সম্ভাৱনা থাকে।

টকা-পইচাৰ বৰ্তমানৰ অনলাইন কাৰবাৰৰ ব্যৱস্থাত বেঙ্কৰ একাউণ্ট ফ্ৰিজ হোৱাৰ সম্ভাৱনা ক্ষীপ্ৰ হ'ব পাৰে।

কিয়নো, সমাজত যিদৰে ঘৰে-ঘৰে ভাল মনোবৃত্তিৰ মানুহ আছে, ঠিক সেইদৰে বেয়া অৰ্থাৎ ঠগ-প্ৰবঞ্চক মনোবৃত্তিৰ মানুহো আছে, এইসকলে সুবিধা বুজি কাৰোবাৰ বেঙ্ক কিউ-আৰ ক'ডৰ (QR CODE) ফটো তুলি প্ৰবঞ্চনাৰে -হয় নিজে, নহ'লে আন প্ৰবঞ্চকৰদ্বাৰা অনিষ্ট কৰিব/কৰাব পাৰে।

ব্যৱসায়ীসকল সাধাৰণতে এনেধৰণৰ প্ৰবঞ্চকৰদ্বাৰা সঘনাই অনিষ্টৰ মুখামুখি হ'ব পাৰে, অৰ্থাৎ কোনো ইৰ্ষাপৰায়ন আৰু দেশদ্ৰোহী স্বভাৱৰ লোকে ক'লা ধন সৰকোৱা ব্যৱস্থাৰ মাধ্যমত কোনো ব্যৱসায়ীৰ বেঙ্ক একাউন্টৰ কিউ-আৰ ক'ড দি ইৰ্ষাপৰায়নতাৰ চিকাৰ কৰাব পাৰে, তথা ব্যৱসায়ীগৰাকীৰ ব্যৱসায়ত লোকচান সৃষ্টি কৰিব পাৰে।

আইনৰ দৃষ্টিৰে,
---ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১০৬ নং ধাৰা;

---পিএমএলএ, ২০০২ৰ ১৭(১)(৪) নং ধাৰা;

---কোম্পানী আইন, ২০১৩ৰ ২৪৮ নং ধাৰা;

আৰু/বা

---চিজিএছটি আইন, ২০১৭ৰ ৮৩ নং ধাৰাৰ অধীনত বেঙ্কৰ একাউন্ট ফ্ৰিজ হোৱাৰ সম্ভাৱনা থাকে, যদিহে সেই সেই আইনৰদ্বাৰা জগৰীয়া হয়।

গতিকে, এনেধৰণৰ আহুকালৰপৰা মুক্তি পাবলৈ হ'লে----

প্ৰথমে, নিজৰ বেঙ্কৰ শাখাৰ কৰ্তৃপক্ষৰ কাষলৈ গৈ ফ্ৰিজ হোৱাৰ কাৰণ সম্পৰ্কে জানি ল'ব লাগিব;

দ্বিতীয়তে, সমস্যা সমাধানৰ উপায় কি আছে তাক জানি ল'ব লাগিব,

আৰু

তৃতীয়তে, যদি বেঙ্ক কৰ্তৃপক্ষই সমস্যা সমাধানত ব্যৰ্থ হয়, তেন্তে,

উপায় --১

১৯৩০ নম্বৰত ডায়েল কৰি, বা নিৰ্দিষ্ট ঠিকনাত সমস্যাৰ সবিশেষ লিখি ই-মেইল কৰি ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম কৰ্তৃপক্ষক জনাব লাগিব, যদিহে বেঙ্কৰ একাউন্টটো ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ জাননীৰ ভিত্তিত ফ্ৰিজ হৈছে।

উপায় --২

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ ধাৰা নং ৪৯৭ আৰু/বা ৫০৩ ৰ অধীনত সংশ্লিষ্ট ন্যায়াধীশ বা দণ্ডাধীশৰ আদালতত সমস্যা সমাধানৰ কল্পে এখন আবেদন দাখিল কৰিব লাগিব। সেই আবেদনৰ ভিত্তিত আদালতে শুনানী গ্ৰহণ কৰি উপযুক্ত ৰায় প্ৰদান কৰিব। আদালতৰ লিখিত ৰায়ৰ প্ৰতিলিপি সংগ্ৰহ কৰি বেঙ্ক কৰ্তৃপক্ষক দিলে, সেই শীতলীকৰণৰপৰা একাউণ্টটো মুক্ত কৰি দিব।

অথবা

উপায় --৩

ভাৰতীয় সংবিধানৰ ২২৬ নং অনুচ্ছেদৰ অধীনত সমস্যাৰ সবিশেষ লিখি, বেঙ্কৰ একাউন্টৰ ওপৰত লাগি থকা শীতলীকৃত ব্যৱস্থা আতৰাবলৈ মহামান্য উচ্চ ন্যায়ালয়ত ৰিট-অৱ-মেন্ডামাচৰ আধাৰত প্ৰাৰ্থনা-আবেদন দাখিল কৰিব লাগিব। আদালতে নিৰ্দিষ্ট শুনানীৰ অন্তত উপযুক্ত ৰায় প্ৰদান কৰিব।

গতিকে, যিমানে বিজ্ঞানৰ নতুন নতুন সুবিধাবোৰ আহি থাকিব, সিমানেই সমস্যাও আহি থাকিব, আৰু লগে লগে সমস্যা সমাধানৰ পথো ওলাব।
.....শশাংকজ্যোতি শৰ্ম্মা
১৬/০৯/২০২৫

বি:দ্ৰ: কোনোবাই এইখিনি পঢ়ি হয়তো ক'ব, "নিজৰ লগত হোৱা হ'লে গম পালেহেতেন"। এনেধৰণৰ পৰিস্থিতি কাৰোৰে লগত হোৱাটো আমি নিবিচাৰো, কিন্তু, দুৰ্ভাগ্যই কাক কেতিয়া চুই যায় তাৰ কোনো নিশ্চয়তা নাই। কেৱল সমস্যা সমাধানৰ উপায় সম্পৰ্কেহে ৰাইজক অৱগত কৰিলোঁ।

13/08/2025

আইনৰ ইটো-সিটো খণ্ড -৫৯:
---------------------------------------

ৱাকালত-নামা (Vakalatnama) কি?
---------------------------------------------------

উকীল কল্যাণ পুজি আইন, ২০০১ (the Advocate Welfare Fund Act, 2001)ৰ ধাৰা -২(u)ৰ মতে "ৱাকালত-নামা" হৈছে অধিষ্ঠান হোৱাৰ এখন স্মাৰক-পত্ৰ, বা এনে এখন নথি যাৰদ্বাৰা উকীল এগৰাকীক কৰ্তৃত্ব প্ৰদান কৰা হয় যাতে তেখেতে কোনো পক্ষৰহৈ কোনো আদালত, ট্ৰাইবিউনেল, বা আন কতৃপক্ষৰ সন্মুখত কোনো আইনী প্ৰক্ৰিয়াৰ বাবে অধিষ্ঠান হ'ব পাৰে।

ৱাকালত-নামাত নাম নথকা মানুহ এগৰাকীয়েও আদালত, ট্ৰাইবিউনেল, ইত্যাদিৰ সন্মুখ কোনো আইনী প্ৰক্ৰিয়াৰ বাবে অধিষ্ঠান হ'ব পাৰে, যদিহে ব্যক্তিগৰাকীৰ বিষয়টো একান্তই ব্যক্তিগত হয়, বা বিষয়টোৱে ব্যক্তিগৰাকীক প্ৰভাৱিত কৰে, ব্যক্তিগৰাকীৰ অধিষ্ঠানৰ বাবে আদালত বা তেনে প্ৰতিষ্ঠানৰ অনুমতি থাকে, আৰু ব্যক্তিগৰাকীৰ আইন সম্পৰ্কীয় বিভিন্ন দিশসমূহৰ সম্পূৰ্ণ জ্ঞান থাকে।

কোনো এগৰাকী ব্যক্তি আইনৰ শিক্ষাগত অৰ্হতা (LL.B.) থাকিলেই উকীল হ'ব নোৱাৰে। প্ৰথমে, তেওঁ "বাৰ কাউন্সিল অৱ ইণ্ডিয়া"ৰপৰা ওকালতিৰ বাবে অনুমতি প্ৰাপ্ত হ'ব লাগিব। দ্বিতীয়তে, তেওঁ কোনো এখন স্থানীয় বাৰ এ'চছিয়েচনৰ/উকীল সংস্থাৰ সদস্য হ'ব লাগিব।

প্ৰতিখন স্থানীয় উকীল সংস্থাই একোখনকৈ ৱাকালত-নামা বৰ্ত্তাই ৰাখে, য'ত সংস্থাৰ সদস্য হোৱা উকীলসকলৰ নাম থাকে। গতিকে, কাৰোবাৰ কোনো এগৰাকী ব্যক্তিৰ ওপৰত সন্দেহ সৃষ্টি হ'লে, উকীল সংস্থাৰ কাৰ্য্যালয়লৈ গৈ ব্যক্তিগৰাকীৰ নাম ৱাকালত-নামাত আছেনে নাই সেই কথা/বিষয়ে বিনামূলীয়াকৈ চাব পাৰে।

কোনো কোনো মানুহে অজ্ঞতাৰ দোষতে কেতিয়াবা কোনো ভুৱা উকীলৰ ক'বলত পৰে, বা পৰাৰ আশংকা থাকে। গতিকে, ওপৰত উল্লেখ কৰাৰ দৰে ৱাকালত-নামাখন চাইলৈ উকীল এগৰাকীৰ কাষ চাপিলে বিপদত পৰাৰ আশংকা নাথাকে।

কোনো গোছৰত কোনো মক্কেলৰপৰা প্ৰাপ্ত এখন ৱাকালত-নামাৰদ্বাৰা এগৰাকী উকীলে আদালতত গোছৰ সম্পৰ্কীয় কোনো নথি জমা দিব পাৰে, বা দাখিল কৰিব পাৰে, অধিষ্ঠান হ'ব পাৰে, প্ৰয়োজনীয় সাক্ষীক জেৰা/সোধ-পোচ কৰিব পাৰে, আৰু গোছৰত তথ্যভিত্তিত নিজৰ তৰ্ক আগবঢ়াব পাৰে।

কোনো মক্কেল বা পক্ষই ৱাকালত-নামা এখনত স্বাক্ষৰ কৰি উকীলগৰাকীৰ হাতত প্ৰদান কৰাৰ পাছত উকীলগৰাকীৰ কাৰ্য্য-প্ৰণালীৰ বাবে মক্কেলগৰাকী দায়বদ্ধ হৈ থাকিব বা থাকে।

এখন ৱাকালত-নামাত উল্লেখ কৰিবলগীয়া তথ্যসমূহ হ'ল -আদালত বা তেনে প্ৰতিষ্ঠানৰ নাম, মক্কেলৰ নাম, উকীলৰ নাম, আৰু গোছৰ নং।

ভাৰতত প্ৰতিটো ফৌজদাৰী আৰু/বা দেৱানী গোছৰৰ বাবে ৱাকালত-নামা এক প্ৰয়োজনীয় তথা অত্যাৱশ্যকীয় নথি।

যদি কোনো গোছৰত কোনো মক্কেল বা পক্ষই নিজৰ নিয়োজিত উকীল সলাব বিচাৰে, বা পৰিবৰ্তন কৰিব বিচাৰে, তেন্তে, ইতিপূৰ্বে গোছৰ চলাই থকা উকীলগৰাকীৰপৰা আপত্তিবিহীন প্ৰমাণ-পত্ৰ (No Objection Certificate) সংগ্ৰহ কৰি নতুনকৈ নিয়োগ কৰিব বিচৰা উকীলৰ ৱাকালত-নামাৰ সৈতে সংযোগ কৰি চলিত গোছৰটোত আদালতৰ অনুমতি সাপেক্ষে দাখিল কৰিব লাগে।

ভাৰতৰ যিকোনো আদালততে এই একে নিয়ম প্ৰযোজ্য।

ধন্যবাদ।
.......শশাংকজ্যোতি শৰ্ম্মা
১৩/০৮/২০২৫

07/03/2025

আইনৰ ইটো-সিটো খণ্ড -৫৮:
---------------------------------------

চাকৰিকালত মৃত্যু হ'লে, বিবাহিতা জীয়েকেও অনুকম্পা বা সহানুভূতিশীলতাৰ আধাৰত মৃতকৰ চাকৰিটো পাব পাৰে:
---------------------------------------------------------------------

ৰাজস্থানৰ যোধপুৰস্থিত মহামান্য ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশদ্বয় -অৱনিছ ঝিংগান আৰু প্ৰমিল কুমাৰ মাথুৰৰ খণ্ড-বিচাৰপীঠে যোৱা ইং ১১/০২/২০২৫ তাৰিখে তলত উল্লেখ কৰা গোছৰটোত এক ঐতিহাসিক ৰায় প্ৰদান কৰি মাননীয় কেন্দ্ৰীয় প্ৰশাসনিক ট্ৰাইবিউনেলৰ এটা আদেশক বাহাল ৰাখে।

মাননীয় ট্ৰাইবিউনেলে উক্ত আদেশটোত কৈছিল যে যদি স্থায়ী চৰকাৰী চাকৰিত নিযুক্ত হৈ থকা কোনো এজন ব্যক্তিৰ চাকৰিকালত মৃত্যু হয়, যদি ব্যক্তিগৰাকীৰ প্ৰথম-শ্ৰেণীৰ উত্তৰাধিকাৰী হিচাপে কেৱল এগৰাকী বিবাহিতা জীয়েকহে থাকে, আৰু যদি সেই বিবাহিতা জীয়েকে অনুকম্পাৰ ভিত্তিত বা সহানুভূতিশীলতাৰ আধাৰত মৃত পিতাকৰ চাকৰিটো পাবৰ বাবে আবেদন কৰে, তেন্তে, সেই বিবাহিতা জীয়েকৰ সেই চাকৰিটো পাবৰ বাবে অধিকাৰ আছে, বা সেই বিবাহিতা জীয়েকক সেই চাকৰি প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

মহামান্য ৰাজস্থান উচ্চ ন্যায়ালয়ে যিটো গোছৰত উক্ত ৰায়টো প্ৰদান কৰিছিল, সেই গোছৰটো চলিছিল চৰকাৰী পক্ষ তথা ৰেলৱে কৰ্তৃপক্ষ আৰু শ্ৰীমতী ৰিংকী শৰ্মাৰ মাজত। গোছৰ নম্বৰ আছিল D. B. Civil Petition No.:19514/2024 (অৰ্থাৎ, খণ্ড-বিচাৰপীঠ দেৱানী আবেদন নম্বৰ ১৯৫১৪/২০২৪)।

ৰাজস্থানৰ আজমেৰ নিবাসী উক্ত ৰিংকী শৰ্মাৰ পিতাক উত্তৰ-পশ্চিম ৰেলৱে সংমণ্ডলৰ আজমেৰস্থিত কাৰ্যালয়ত চিফাৰ-অপাৰেটৰ হিচাপে কৰ্মৰত আছিল।

ৰিংকী শৰ্মাৰ পিতাকৰ চাকৰিত কৰ্মৰত অৱস্থাতে মৃত্যু হয়।

পিতাকৰ মৃত্যুৰ পাছত এক মাত্ৰ প্ৰথম-শ্ৰেণীৰ উত্তৰাধিকাৰী হিচাপে জীয়েক -ৰিংকী শৰ্মাই (বিবাহিতা) অনুকম্পাৰ ভিত্তিত পিতাকৰ চাকৰিটো পাবৰ বাবে ৰেলৱে কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছিল।

ৰেলৱে কৰ্তৃপক্ষই ৰিংকী শৰ্মাৰ আবেদনখন অগ্ৰাহ্য কৰিছিল, কাৰণ -প্ৰথম, ৰিংকী শৰ্মা বিবাহিতা, আৰু দ্বিতীয়, ৰিংকী শৰ্মাৰ স্বামীৰ আয়ৰ উৎস আছিল বা আছে।

আবেদনখন অগ্ৰাহ্য হোৱাত ৰিংকী শৰ্মাই "কেন্দ্ৰীয় প্ৰশাসনিক ট্ৰাইবিউনেল" (CAT -Central Administrative Tribunal)ত ন্যায়ৰ বাবে এক গোছৰ ৰজু কৰিছিল।

ট্ৰাইবিউনেলৰ গোছৰত ট্ৰাইবিউনেলে ৰিংকী শৰ্মাৰ পক্ষে আদেশ জাৰি কৰিছিল।

ট্ৰাইবিউনেলে নিজৰ আদেশটো জাৰি কৰাৰ ৰেছিঅ ডেচিডেন্দি (ratio decidendi) হিচাপে "হীনা চেখ গোছৰ"ত পূৰ্বতে মহামান্য ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পূৰ্ণ-বিচাৰপীঠে যোৱা ইং ১৩/০৯/২০২২ তাৰিখত প্ৰদান কৰা ৰায়ক ভিত্তি হিচাপে লোৱাৰ কথা উল্লেখ কৰিছিল।

ট্ৰাইবিউনেলৰ আদেশত অসন্তুষ্ট হৈ ৰেলৱে কৰ্তৃপক্ষই ৰাজস্থান উচ্চ ন্যায়ালয়ত, উক্ত আদেশক প্ৰত্যাহ্বান জনাই, লেখ-আবেদন দাখিল কৰিছিল।

এই লেখ-আবেদনেই হৈছে ওপৰত উল্লেখ কৰা গোছৰ নং -১৯৫১৪/২০২৪। দুয়োপক্ষৰ শুনানী গ্ৰহণ কৰাৰ পাছত গোছৰটোত মহামান্য আদালতৰ খণ্ড-বিচাৰপীঠে ৰেলৱে কৰ্তৃপক্ষৰ লেখ-আবেদনখন খাৰিজ কৰি কয় যে মাননীয় ট্ৰাইবিউনেলৰ উক্ত আদেশ বা ৰায়টোত কোনো আইনী বা তথ্যগত বিসংগতি নাই, আৰু তাৰদ্বাৰাই মহামান্য উচ্চ ন্যায়ালয়ে মাননীয় ট্ৰাইবিউনেলৰ আদেশটোক বাহাল ৰাখে।
.......শশাংকজ্যোতি শৰ্মা
০৭/০৩/২০২৫

19/11/2024

Address

Hojai

Opening Hours

9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Lex-Vidhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share